পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পূৰে দেখা ধনঞ্জয় তোমাক দেখি আসে।
গাণ্ডীৱ ধনুৰে শৰ মাৰি দশোদিশে॥ ৩২৫॥
বানৰ ধ্বজৰ শুনি আটাস আন্দোল।
কাণ ফাটি যায় ৰথ ঘৰিষণ ৰেল॥
নৃপতিক যত দুখ দিল মহাবল।
ধনঞ্জয় আসিলে লভিবা তাৰ ফল॥ ৩২৬॥
সম্প্ৰতি দেখিও যত সেনাগণ ভাগে।
যুদ্ধ এৰি তাসম্বাক ৰাখিবেক লাগে॥
সাঞ্জয় বদতি কথা শুনা মহাশয়।
সেহিবেলা সমৰে প্ৰবেশে ধনঞ্জয়॥ ৩২৭॥
মাধৱে ডাকন্ত ৰথ পৱন সঞ্চাৰে।
দেখি দুৰ্য্যোধন ৰাজা সচকিত ডৰে॥
কৰ্ণৰ আগত ৰথ কাটিলা বহুত।
অৰ্জ্জুনৰ আগে নিৰুৎসাহ ৰাধাসুত॥ ৩২৮॥
নিৰুৎসাহ কৰ্ণ অৰ্জ্জুনৰ দেখি বল।
হত ভৈলা কৰ্ণ বুলি মানিলা সকল॥
ভীমক নমিলা পাছে ধনঞ্জয় বীৰ।
বাত্ৰা কহিলন্ত ধনঞ্জয় নৃপতিৰ॥ ৩২৯॥