পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
কৰ্ণ পৰ্ব্ব।

সাজাই আনিলা ৰথ দাৰকৰ হাতে।
দিব্য ৰথ দেখি তুষ্ট ভৈলা জগন্নাথে॥ ২৯১॥
দেয় দিয়া উঠিল অৰ্জ্জুন মহাবলী।
ধৰিলা মাধৱে উঠি ঘোঁৰাৰ শিকলি॥
নমো হৰি বুলি যাত্ৰা কৈলা ধনঞ্জয়।
সেহি বেলা মাধৱে ডাকিলা চাৰি হয়॥ ২৯২॥
উথলিলা চাৰি ঘোৰাঁ‌ সমৰক প্ৰতি।
চামুপথে ঘোৰাঁ‌য়ে ধৰিলা মনোগতি॥
সেহি বেলা চিন্তন্ত অৰ্জ্জুন মহাবল।
সকল শৰীৰ হন্তে বহে ঘৰ্ম্মজল॥ ২৯৩॥
অৰ্জুনৰ অভিপ্ৰায় বুঝিলন্ত হৰি।
বুলিবাক লাগিলন্ত বচন সাদৰি॥
আচম্বিতে তাৰ ঘোৰ পৰাক্ৰম দেখি।
সমৰে কৰ্ণক ভয় নকৰিবা সখি॥ ২৯৪॥
মধ্যস্থে সে জানে যুদ্ধ যাৰ যেন মত।
আমি দেখি আছোঁ‌ সবে বীৰৰ মহত্ত॥
যি বেলাত ঘোৰ যুদ্ধ কৰা ধনঞ্জয়।
একে ৰথে থাকন্তে আমাৰ লাগে ভয়॥ ২৯৫॥
তাসম্বাক অবিলম্বে জিনিবা ৰণত।
কৰ্ণ কোন ক্ষুদ্ৰ তযু আগে তৃণৱৎ॥
অৰ্জ্জুনে বোলন্ত মোৰ মহিমা যতেক।
দিব্য শৰ প্ৰহৰন্তে দেখিছা প্ৰত্যেক॥ ২৯৬॥