পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
কৰ্ণ পৰ্ব্ব।

সিটো কথা যি ভৈলা সি ভৈলা আমি হীনা।
কিন্তু আমি তিলেক নিজীবো তুমি বিনা॥ ২৬৯॥
এহি বুলি পাৱে পৰি কান্দিলা বিস্তৰ।
তথাপিতো ফিৰি ন চাহিলা নৃপবৰ।
এহি মতে কেহো ৰাখিবাক নপৰিলা॥
দেখি সমস্তৰে শোক অধিক জ্বলিলা॥ ২৭০॥
কান্দি কান্দি বহিলা যতেক নাৰীগণ।
সেহি বেলা মাধৱে ত্যাজিলা স্ব আসন॥
যুধিষ্ঠিৰ নৃপতিৰ চৰণত ধৰি।
অশেষ কাতৰ কৰিলন্ত পাৱে পৰি॥ ২৭১॥
সামান্য মনুষ্যে যেন নৃপতি জনক।
স্তুতি নতি বিনতি যে কৰিলা অনেক॥
এহি মতে কৃষ্ণে পাণ্ডৱৰ আজ্ঞা পালি।
দেখা কেনে ভক্তৰ অধীন বনমালী॥ ২৭২॥
মাধৱ ৱদতি দাদা এৰা অসন্তোষ।
আপোনাৰ মাঝত বিবাদ বৰ দোষ॥
পুত্ৰ সমতূল্য ছোট ভাতৃ যে তোমাৰ।
তান দোষ দেখিলে সহন ধৰ্ম্ম সাৰ॥ ২৭৩॥
প্ৰমাদত পুত্ৰ যদি নিদাৰুণ হয়।
নুহিবে দাৰুণ পিতৃ হেন শাস্ত্ৰে কয়॥
বিশেষত তুমি লভি আছা দিব্যজ্ঞান।
মান অপমান দুইকো কৰিছা সমান॥ ২৭৪॥