পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণ পৰ্ব্ব।

অন্যায়ক লাগি কৰ্ণ এনুয়া আক্ৰোশ।
বিমুখ জনক পাছে খেদা বৰ দোষ॥ ৪২॥
তথাপিত খেদা যদি অন্যায়ক মতি।
দুৰ্য্যোধন নৃপতিৰ দেখা কেন গতি॥
ভীমে মাৰিলন্ত তান সেনা নিৰন্তৰ।
পাছে পাছে খেদন্ত পলান্ত একেশ্বৰ॥ ৪৩॥
দুৰ্যোধন ৰাজা যেৰে জীয়ে ৰণমাজে।
তেৱে যুধিষ্ঠিৰক ধৰিলে আহে কাজে॥
দুৰ্যোধন নৃপতিক ভীমে মাৰে পাই।
পাছে আঙ্ক ধৰি কাৰ উৰুয়াইবে চাই॥ ৪৪॥
শল্যৰ বচনে ফিৰিলেক ৰাধাসুত।
বান্ধিলেক হস্তী যেন সুজান মাহুত॥
দুৰ্য্যোধন নৃপতিক ৰাখিবাক মনে।
অজাত শত্ৰক এৰি ফিৰিলেক কৰ্ণে॥ ৪৫॥
দুৰ্যোধন নৃপতিৰ দেখি অথন্তৰ।
ভীমক সম্মুখে ধাইলা কৰি ক্ৰোধবৰ॥
কৰ্ণৰ ভীমৰ যুদ্ধ এক্ষণে থাকোক।
যুধিষ্ঠিৰে যি কৰিলে তাক শুনিয়োক॥ ৪৬॥
কৰ্ণ সমুদ্ৰত নিস্তাৰিলা যুধিষ্ঠিৰ।
শৰ বিষে চেতন নাপাৱে মহাবীৰ॥
গৃহক চলিলা নকুলৰ হাতে ধৰি।
দুই ভাই ধৰিলেক আগ পচ কৰি॥ ৪৭॥