পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
কৰ্ণবধ

কৰিবো ভূমিৰ ভাব আমি অৱতৰী।
ধৰ্ম্ম অধৰ্ম্মক পঠাই দিয়া শীঘ্ৰ কৰি॥
ধৰ্ম্মে যুৰি ৰ কৈলো কথা বিতোপন।
জানিবা অধৰ্ম্ম ইটো ৰাজা দুৰ্য্য়োধন॥ ৪৩৯
নৰনাৰায়ণ দুই কৃষ্ণ ধনঞ্জয়।
তাৰ সংহৰিতে জন্ম ধৰিয়া আছয়॥
কহিলো সকল যি বুলিল নাৰায়ণে।
জন্মিলেক যাই পাছে মোহোৰ বচনে॥৪৪০
যায়োক বাসৰ চলি যায়ো দিবাকৰ।
দুই ৰথ যুদ্ধত জয় হৈব অৰ্জ্জুনৰ॥
ব্ৰহ্মাৰ বচনে ইন্দ্ৰ মহাৰঙ্গ ভৈলা।
সবে কথা যাই দেৱতাৰ আগে কৈলা॥৪৪১
শুনি দেৱ সবৰ মহা আনন্দ মিলিলা।
অৰ্জ্জুনৰ শিৰে কেৱে পুষ্প বৰষিলা॥
বাসৱ সূৰ্য্য়ৰ কথা এহি মানে থওঁ।
যেন যুদ্ধ ভৈলা শুনা তাৰ কথা কওঁ॥৪৪২
কৰ্ণ,অৰ্জ্জুনৰ যেবে দেখা দেখি ভৈলা।
কনিষ্টক চাই ৰাজা বচন বুলিলা॥
মোহোৰ বচন শুনিয়েক দুশাসন।
অৰ্জ্জুনৰ আগে যাই কৰিয়োক ৰণ॥৪৪৩
তোমাক যুজিলে ভাগৰিবে ধনঞ্জয়।
পাছে যুদ্ধ কৰিবেক কৰ্ণ মহাশয়॥