পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৯
কৰ্ণপৰ্ব্ব।


এহি মতে অন্যো অন্যে জয় সাধি আছে।
শুনা ধৃতৰাষ্ট্ৰ কথা যেন তৈলা পাছে। ৪৩৩
কৰ্ণে জিনিবেক যুদ্ধে বোলে দিবাকৰ।
বাসবে বোলন্ত জয় হৈবে অৰ্জ্জুনৰ॥
এহি মতে দুইৰো পাছে বিবাদ লাগিল।
পাছে দুয়োজন বাই ব্ৰহ্মাত সুধিল॥ ৪৩৪
নমস্কাৰ কৰি বোলে শুনা সৃষ্ট্ৰিকব।
হৈবক দুই, ৰথ যুদ্ধ কৰ্ণ অৰ্জ্জুনৰ॥
কাৰ জয় হৈবে ব্ৰহ্মা কাৰ পৰাজয়।
এছি কথা সেধো আমি কহিও নিশ্চয়॥ ৪৩৫
ব্ৰহ্মায়ে বোলন্ত ইন্দ্ৰ শুনা দিনপতি।
পূৰ্ব্বে মোৰ পাসে আসিলেক বসুমতী॥
দুৰ্য্য়োধন ভাবে হুইয়া আশকত।
নিবেদিলা দুখ আহি মোহোৰ আগত॥ ৪৩৬
পাছে মই গৈলো লগে লৈয়া দেৱগণ।
যথা তপ কৰে দুই নৰ নাৰায়ণ॥
বদৰিকাশ্ৰমে দুয়ো আছে তপকৰি।
অনেক কৰিলো স্তুতি চৰণত পৰি॥ ৪৩৭
অনন্তৰে নাৰায়ণে বুলিলেক হাসি।
কিবা প্ৰয়োজনে মোৰ পাশে আছা আসি॥
পৃথিৱীৰ যত দুখ কৈলো নিবেদন।
পাছে মোক বুলিলেক নৰনাৰায়ণ॥ ৪৩৮