পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কৰ্ণপৰ্ব্ব


সেহিমতে চলেকো সেনাচয়।
আছোক মনুষ্য় দেৱতাৰো লাগে ভয়॥৩০
হেন পদিচ্ছদে চলে ৰাজা দুৰ্য্য়োধন।
দেৱতাৰ মধ্যে যেন সহস্ৰলোচন॥
কটোক্ষণে পাইলা যুদ্ধ ভূমিৰ ওচৰ।
পৰি আছে হয় হৰি প্ৰজা নিৰন্তৰ॥ ৩১
মৃতকৰ সব সাবে ব্যাপিয়া আচয়।
ভূতপ্ৰেত পিশাচিনী আনন্দ কৰয়॥
মদ্য মাংস খায়া চাল পিন্ধয় গাৱত।
নানা খেলা কৰিয়েক আনন্দ মনত॥ ৩২
তেনয় স্থানক, পায়া ৰাধা তনয়।
নিৰ্ম্মলেক বেহু খান পৰম দুৰ্জ্জয়॥
চতুঃ পান্থ বেহু খান পৰম গম্ভীৰ।
স্থান স্থানে নিয়োজিলা বৰ বৰ বীৰ॥ ৩৩
দক্ষিণত অশ্বত্থামা বীৰক স্থাপিলা।
কলিঙ্গ দেশৰ সেনাগণ লগে দিলা॥
কৃপক থৈলন্ত কৰ্ণে ব্যেহৰ বামত।
ম্লেচ্ছ সেনাগণ দিলা তাহাৰ লগত॥ ৩৪
শকট মধ্য়ত কৃতবৰ্ম্মাক স্থাপিলা।
সংখ্যাত ঘোটক তাহাৰ লগে দিলা॥
চাত পাছ বথ্য়য় ৰাখি মহামতি।
হস্তি সব স্থানে-স্থানে শৈলা সেনাপতি॥ ৩৫