পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
কৰ্ণপৰ্ব্ব।


হেন শুনি মহাক্ৰোধ হৈলেক হংসৰ।
দেখায়ো দুৰ্জন কত গতি জান কৰ॥ ৩৮৯
উনাৱ কৰয় কাকে হংসৰ বচনে।
হংসে এক গতি কৰি যাই ৰঙ্গমনে ॥
পাছে কাকে নানা গতি কৰিবাক লৈলা।
উৰাৱ কৰিয়া কাকে কতোদুৰ গৈলা॥ ৩৯০
কতো কাতি হৈয়া কতো চিত হুয় যাই।
কতো গল মেলি ওপৰক থাকে চাই॥
কতো ঠোঁট লুকুৱায়ে পাখাৰ ভিতৰে।
ঠোঁট মেলি কতো ওপৰক গতি কৰে॥ ৩৯১
কতো চলি যাই আঁৰ কৰি দুই পাৱ।
কতো পাকফুৰি কৰে নানা ভঙ্গি ভাৱ॥
দুই পখা মেলি কতো যাই লাঞ্জ তুলি।
কতো গল কাতি কৰে কতো গল মেলি॥ ৩৯২
কতো পায়ে সামৰিয়া চাই অটলক।
কতো পায়ে জল ছুই যাই ওপৰক॥
এহিমতে নানা গতি কৰন্তে আছয়।
শ্ৰান্ত হুয়া কাকে দেখিলেক তমোময়॥ ৩৯৩
উৰিবে নোয়াৰি কৰে মনে মহাশোক।
পাছে যেন ভৈল কৰ্ণ শুনা কহোঁতাক॥
ভাগৰিলা কাক গোট হীন ভৈলা বল।
জলত পৰিলা আসি ঠোঁট কৰি তল॥ ৩৯৪