পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
কৰ্ণবধ।


তাক খাই তুষ্ট,  ভৈলি তই দুষ্ট,
 আপোনাক পাসৰিয়া॥ ৩৮৬
পৰশিয়া কাক,  চান্দ্ৰায়ণ এক,
 লোকে কৰে প্ৰায়শ্চিত্ত।
কাহা কাহা তোৰ,  বাক্য মহাঘোৰ,
 শুনিতে বৰ কুৎচিত॥
শুন মন্দমতি, জান কত গতি,
 তাক দেখি আমি কৰো।
আমি এক গতি,  জানোহো সম্প্ৰতি,
 নজানোহো তাত পৰ॥ ৩৮৭
হংসে এহি বুলি,  মৃনালক তুলি,
 কৰয় বঙ্গে ভোজন।
দুলড়িৰ চন্দে, পৰম আনন্দে,
 ভনে বিদ্যা পঞ্চানন॥

পদ।

কাউৰি, হংসৰ কথা শেষ আৰু শকুনিৰ পৰাজয়।

কাকে বোলে হংস কেনে কৰা আন মতি।
তুমি আমি সবে আত কৰো নানা গতি॥ ৩৮৮
বণিকব পুত্ৰে আজি দেখোক যে ৰঙ্গ।
কৰি জয় হয়ে আজি কাৰ হয়ে ভঙ্গ॥