পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ।


সমস্তে জানাহা ৰাজা যাৰ যেন ধৰ্ম্ম।
লোকে নিন্দিবাৰ মই নকৰিৰোঁ কৰ্ম্ম॥
আপুনি দেখিছা তুমি কহিবোহোঁ কত।
যিমতে কৃষ্ণৰ গতি মোৰো সেহি মত॥২৫
ৰাখিবোঁ কৰ্ণক শঙ্কা এহি দুৰ্য্যোধন।
জয় পৰাজয় দুইৰো দৈবে সে কাৰণ॥
শৈল্যৰ বচন শুনি তনয় তোমাৰ।
ৰথত চৰিলা অতি কৰি চমৎকাৰ॥ ২৬
শৈল্যে সমন্নিতে কৰ্ণ চৰিলা ৰথত।
যুদ্ধক উৎসাহ আতি আনন্দ মনত॥
অসংক্ষ্যাত হয়, হস্তি,ৰণ সেনাচয়।
নৃপতিক আগ কৰি মহাৰঙ্গে যায়॥ ২৭
লোকত মণ্ডল কৰি শৈল্য নৰেশ্বৰ।
মহাবেগে ৰথ ডাকি নিলা ৰাধেয়ৰ॥
সৈন্ধয় দেশৰ ঘোৰা পবন সঞ্চাৰ।
মহাবেগে চলে ৰথ কৰি চমৎকাৰ॥ ২৮
হস্তিসব চলে যেন শছল পৰ্ব্বত।
গলে গজঘণ্টা আতিসয় ময় মত্ত॥
শুক্লমেষ মণ্ড যেন আকাশত জ্বলে।
ফৰিঙ্গা ঈও ই যেন গগণ মণ্ডলে॥ ২৯
পূৰ্ণিমা ৰাতিত যেন জ্বলে চন্দ্ৰ আতি।
প্ৰচণ্ড প্ৰতাপ যেন চলে খগপতি॥