পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭১
কৰ্ণপৰ্ব্ব।

পদ

কৰ্ণ আৰু শৈল্যৰ কন্দল।

সঞ্জয় বদতি শুনিয়োক মহাবীৰ।
দৌপদীৰ বাক্যে শান্ত ভৈলা যুধিষ্ঠিৰ॥
কৃষ্ণ,ধনঞ্জয় দুয়ো ৰাজাক ধৰিয়া।
পৰম আনন্দে খাটে বৈসালৈক নিয়া॥ ৩৪২
অনন্তৰে ধনঞ্জয়ে বুলিল ৰাজাক।
দিয়োক বিদাই মোক বাও যুজিবাক॥
সত্য় কৰি বোলো দদা তোমাৰ আগত।
কৰ্ণক বধিবো মই দুই ৰথ যুদ্ধত॥ ৩৪৩
নযাইবো শিবিৰে মোৰ সত্য় অঙ্গিকাৰ।
কৰ্ণক নবধি আগে নাহিবো তোমাৰ॥
ৰথে ঢৰি লাসে লাসে ঢলিয়োক বণে।
কেনে যুদ্ধ কৰো তাক দেখিয়ো আপনে॥ ৩৪৪
অৰ্জ্জুনৰ বচন শুচিল অপমান।
সাবটি ধৰিয়া কৰিলেক শিৰঘ্ৰাণ॥
বুলিলা বচন অৰ্জ্জুনক যুধিষ্ঠিৰ।
তুমি আগে যায়ো পাছে যাইবো ধীৰে ধীৰ ॥৩৪৫
নকৰা বিলম্ব বাপু কৃষ্ণ, ধনঞ্জয়।
মহেন্দ্ৰৰ ক্ষেণ হাসি মিলিয়া আছয়॥