পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
কৰ্ণপৰ্ব্ব।


শকুনিৰ লগে তই খেলি কুট পাস।
আমক কৰিয়া দিলি কৌৰৱৰ দাস॥ ৩১৪
আপোন ভাৰ্য্য়াক নপাৰিলি ৰাখিবাক।
দুঃশাসনে কেশে ধৰি লৈ গৈল সভাক॥
মাৰিলেক লাঠি সৰ্ব্ব জনে আছে চাই।
হাসে দুৰ্য্য়োধনে বাম উৰুক দেখাই॥ ৩১৫
সভাব মধ্যত বসাইলেক কেশে ধৰি।
লৈবাক ধৰিলে বস্ত্ৰ উলঙ্গত কৰি॥
হেন সব দুঃখ চক্ষে দেখি দ্ৰৌপদীৰ।
কেনে প্ৰাণ ধৰা নমবিয়া যুধিষ্ঠীৰ॥ ৩১৬
একলে আছিলি তই কাম্যক বনত।
পশুমাৰি চাৰি ভাই ফুৰো অৰণ্যত॥
জয়দ্ৰথে বথে তুলি লৈ যাই কৃষ্ণাক।
বাখিবাক নপৰিলি আপোন ভাৰ্য্য়াক॥ ৩১৭
পাছে ভীমসেনে যাই কৃষ্ণাক ৰাখিলা।
হেন অপমান পাই কিয় নমৰিলা॥
ছদ্মৰূপে আছিলোহো ঘৰে বিৰাটৰ।
যেন দুখে থাকে শিশু গৰ্ভত মাতৃৰ॥৩১৮
লক্ষেক ৰাজাৰ ভাৰ্য্য়া সেবিলেক যাক।
হেনয় দ্ৰৌপদী সেবা কবে সুদেষ্ণাক ॥
তই সভাপতি ভৈলি ভীম সুপকাৰ।
নকুলে ৰাখিলে ঘোৰা বিৰাট ৰাজাৰ॥ ৩১৯