পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
কৰ্ণবধ।


বাঘ গোটে পাণী খাই দূৰতে দেখিলা।
এক গোটা ভল্ল তাৰ হৃদয়ে হানিলা॥
শবচোটে বাঘিণী পুত্ৰৰ গৈলা প্ৰাণ।
তেখনে ব্যাধক নিতে আসিল বিমান॥ ৩০৯
দিবা ৰথে চৰি ব্যাধ গৈলা স্ব লোক।
অধৰ্ম্মতে ধৰ্ম্ম সখি আক দেখিয়োক॥
অনেক প্ৰাণীক যিটো কৰে অপকাৰ।
তাক মাৰি স্বৰ্গ পাই নুভূঞ্জে নিকাৰ॥ ৩১০
পৃথিবীৰ পতি আৰু জেষ্ঠ তযু ভাই।
এতেকে ইহাঙ্ক কাটিবাৰ নুজুৱাই॥
বচনে অনেক নিন্দা কৰা নৃপতিক।
পাইব মহামনু ৰাজা কাটি বাতো পিক॥ ৩১১
সজ্জনক যিবা জানা অন্যে নিন্দা কৰে।
মৰিবাত কৰি দুখ পাৱে সিটো নৰে॥
যিটো বাক্য কও মই তাকে মনে ধৰা॥
নৃপতিক বচনে অনেক নিন্দা কৰা॥ ৩১২
কাটি বাতোধিক দুস পাসে অতিশয়।
তোমাৰ বহিৰে সত্য কহিলো নিশ্চয়॥
কৃষ্ণৰ বচনে ধনঞ্জয়ে বাক্য বাণে।
ৰাজাক ভেদিবে লৈলা মৰ্ম্ম মৰ্ম্ম স্থানে॥৩১৩
অৰ্জ্জুনে বোলন্ত ৰাজা প্ৰাণ ধৰা কিক।
নিশ্চয় জানিলো ভৈলা মৰণ তোধিক॥