পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
কৰ্ণপৰ্ব্ব।


শাৰ্দ্দুলী বোলয় প্ৰভূ নলাগয় আন।
যদি দয়া আছে দিয়ো পুত্ৰৰ চক্ষুদান॥ ৩০৩
ব্ৰক্ষায়ে বোলন্ত শুনা মন কৰি স্থিৰ।
চক্ষু কাটি আছে ইতো অনেক প্ৰাণীৰ॥
সিকাৰনে অন্ধ ভৈল তোমাৰ তনয়।
নহৈবেক চক্ষু আৰ বুলিলো নিশ্চয়॥ ৩০৪
তথাপিতো আহাৰ মিলিবে মোৰ বৰে।
যদি প্ৰাণী থাকে এক প্ৰহৰ অন্তৰে॥
স্ৰাণেতে জানিয়া সিটো লৱৰি যাইব।
ভাৰষ উদ্দিসে যাই তাক ধৰি খাইব॥ ৩০৫
বৰ দিয়া নিজ স্থানে চলি গৈলা বিধি।
শুনি বাঘিনীৰ মনোৰথ ভৈলা সিন্ধি॥
অনন্তৰে বাঘিনীৰ তনয় যে অন্ধ।
আহাৰীয় জন্তুৰ দুৰতে পায়া গন্ধ॥ ৩০৬
ভেৱ দিয়া তাৰ গৈয়া পৰয় আগত।
ধৰি মাৰি খাই সব ব্ৰহ্মাৰ বৰত॥
এহিমতে খাই গৰু, তিৰী, ব্ৰাহ্মণক।
তাৰ ডৰে সবলোক পলাই দুৰক॥ ৩০৭
সমস্ত লোকৰ মনে ভৈলা মহাভয়।
গ্ৰামা নগৰৰ লোকে দেখে বাঘময়॥
এক দিনা এক ব্যাধে ধৰি ধনু শৰ।
পশু চাহি ফুৰে সেহি বনৰ ভিতৰ॥ ৩০৮