পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
কৰ্ণবধ।

অনেক প্ৰাণীক যিতো দেই মহা তাপ।
যদি মিছা মাতে তাত নাই কিছু পাপ॥
মিছা নুবুলিয়া ঋষি সত্য বুলিলেক।
সহস্ৰ বৎসৰ নৰকত আছিলেক॥ ২৯৮
ধৰ্ম্মত অধৰ্ম্ম সখি কৰিলো নিশ্চয়।
অধৰ্ম্মত ধৰ্ম্ম হয়ে জানা ধনঞ্জয়॥
আছিল বাঘিনী এক মহা অৰণ্যত।
একগোটা পুত্ৰ আছে তাইৰ উদৰত॥২৯৯
জন্মিবাৰ আসি দিন ভৈলেক নিৰ্ব্বন্ধ।
জন্মিলেক পুত্ৰ তাইৰ দুই চকু অন্ধ॥
আখি হীন পুত্ৰ পাছে দেখিলা বাঘিনী।
বুলিলা বচন কতোক্ষণ মনে গুণী॥৩০০
আপোনাৰ আহাৰ নপাৰো কৰিবাক।
কেনমতে এবে মই পশিবো পুত্ৰক॥
মনে বোলে চৰাচৰ বিধিৰ শ্ৰজনা।
পুত্ৰৰ নিমিত্তে তাঙ্ক কৰো আৰাধনা॥৩০১
একখান ভৰি থৈলা পৃথিবী উপৰে।
তিনি ভৰি উৰ্দ্ধে ৰাখি ঘোৰ তপ কৰে॥
তপৰ প্ৰভাবে ডৰ সবে সুৰ নৰে।
ঘোৰ তপ দেখি তুষ্ট ভৈল সৃষ্টিকৰে॥ ৩০২
বাঘিনীক বোলে খোজ কিবা লাগে বৰ।
নিশ্চয়ে দিবোহো মাগযে বাঞ্চা তোমাৰ॥