পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
কৰ্ণপৰ্ব্ব।


এক দিনা দৈত্য আসিবাৰ বাৰ্ত্তা পাই।
কৌষিকৰ আগে সবে গৈলেক পলাই॥ ২৯২
শেল শূল ধৰি দৈত্যগণ আসিলেক।
বিচাৰ কৰিয়া কাকো লাগ লপাইলেক॥
কৈক গৈলা গ্ৰামিক বিচাৰি ঠাই ঠাই।
কৌষিক ঋষিত পাছে পুছিলেক যাই॥ ২৯৩
তুমি সৰ্ব্বজান ঋষি জানে সৰ্ব্বজনে।
কহিয়ো গ্ৰামিক পলাই গৈল কোন স্থানে॥
কৌষিকে বোলন্ত দেখি আছো বিদ্যমান।
যদি মিছা মাতো নৰকত হৱে স্থান॥ ২৯৪
সত্য ব্যতিৰেকে মই নজানোহো আন।
নুবুলিবো মিছা যদি যাই মোৰ প্ৰাণ॥
দৈত্য সকলক ঋষি বুলিলেক চাই।
এহি বন মাজে সবে আছয় পলাই॥ ২৯৫
ঋষিৰ বচন শুনি দৈত নিৰন্তৰ।
পশিলেক যাই সবে বনৰ ভিতৰ॥
দৈত্যৰ ভয়ত সবে আছয় পলাই।
সমস্তকে লাগ যাই পাইলা এক ঠাই॥ ২৯৬
দৈতক দেখিয়া সবে ভৈলা মহাত্ৰাস।
কদলি বনত যেন লাগিল বাতাস॥
সেহিমতে কাম্পে সবে দৈত্য়ক দেখিয়া।
ধৰি মাৰি সৰ্ব্বস্বক নিলেক কাঢ়িয়া॥ ২৯৭