পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
কৰ্ণবধ।

অৰ্জ্জুনে বোলন্ত কৰি আছোঁ অঙ্গিকাৰ।
বিনা যুদ্ধে গাৱে তেজ দেখোহো যাহাৰ॥
তাক শৰ কৰিতে বোলয় যিটো লোক।
মোক নিন্দা কৰে, ধিক বোলে গাণ্ডীৱক॥ ২৮৭
অৱশ্যে কাটিবে তাক হাতে খদ্গ ধৰি।
হেন সব অঙ্গিকাৰ পূৰ্ব্বে আছোঁ কৰি॥
মাধৱে বোলন্ত শুনা শাস্ত্ৰ নিতি কহো।
অনাদিৰ মুধে মই শুনি আছোঁ যাহা॥ ২৮৮
বিবাহ ব্ৰাহ্মণ স্ত্ৰীয়া গৰুৰ কাৰণে।
পৰ উপকাৰে মিছা মাতে যিবা জনে॥
অক্ষয় স্বৰ্গক কত পাৱে কহিলো নিশ্চয়।
আত কিছু দোষ নাই জানা ধনঞ্জয়॥ ২৮৯
ধৰ্ম্মত অধৰ্ম্ম, ধৰ্ম্ম হৱে অধৰ্ম্মত।
ৰীতি হয়ে কহো মই শুনা স্বৰূপত॥
আছিলন্ত ঋষি এক নামত কৌষিক।
মিথ্যা নভাসন্ত সদা সত্য ব্যেতিবেক॥ ২৯০
নৰ্ম্মদাৰ কুলে তপি (১) থাকে মহাঋষি।
গঙ্গাজল পান কৰে পৰম হৰিষি॥
তান সমীপত আছে গ্ৰামিক সকল।
কৌষিকৰ তপোবলে খাই গঙ্গাজল॥ ২৯১
থাকই অনেক দৈত্য পৰ্ব্বত ওপৰে।
আসি লুটি নেই সবে গৃহস্ত সবাৰে॥