পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
কৰ্ণপৰ্ব্ব।


বৃথা তোৰ বাহুবল যেন নপুংসক।
মোক দেখিবাক আইলি নবধি কৰ্ণক॥ ২৮১
কৰ্ণ হেন মহাশত্ৰু জীৱন্তে আছয়।
তাক নমাৰিয়া কেন আইলি ধনঞ্জয়॥
তোক দেখি সবে মোৰ জুৰাইল শৰীৰ।
তোত পৰে আন মই নেদেখোহো বীৰ। ২৮২
তোত আশা কৰি যিটো জনে কৰে ৰণ।
জীৱন্ততে মৰা যেন ভৈলা সিটো জন॥
কৰ্ণ ৰণে আছে ৰঙ্গে ঘোৰ সমৰত।
তিতা বস্ত্ৰ দিলি আনি মোহৰ গাৱত॥ ২৮৩
আনো নানা নিন্দা ৰজা বুলিলা বিস্তৰ।
তাক শুনি মহা কোপ ভৈলা অৰ্জ্জুনৰ॥
মোক নিন্দা কৰিলেক ৰাজা যুধিষ্ঠীৰ।
এতেকে ইহাৰ মই ছেদিবোহো শিৰ॥ ২৮৪
এহি বুলি খদ্গ খান লৈলন্ত খসাই।
মহা কোপে নৃপতিক কাটিবাক যাই॥
হেন অদভূত কৰ্ম্ম দেখিয়া বীৰৰ।
থাপ দিয়া খদ্গত ধৰিলা গদাধৰ॥ ২৮৫
হাস্য কৰি অৰ্জ্জুনক বোলে নাৰায়ণ।
ৰাজাক কাটিবে তুমি চোৱা কি কাৰণ॥
গঙ্গা তীৰে যদি লক্ষ ব্ৰাহ্মণ বধয়।
এক নৃপতিৰ বধে সেহি পাপ হয়॥২৮৬