পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
কৰ্ণবধ।


যত দুখ কৰ্ণে আজি দিয়া আছে মোক।
তাৰ ফল পাইল সিয়ো গৈল যমলোক॥
দেখা ধনঞ্জয় হেৰা অৱস্থা আমাৰ।
যমলোক দেখিছিলো প্ৰহাৰে তাহাৰ॥ ২৭৬
চেতন হৰিল মোৰ কৰ্ণৰ শৰত।
কৰ্ণময় দেখিছিলো সমস্তে জগত॥
নৃপতিৰ বচনে অৰ্জ্জুনে লাজ পাই।
অধোমুখে আছিলেক পৃথিবীক চাই॥ ২৭৭
কতোক্ষণ নমাতি আছিলা মনে গুণি।
বুলিলা বচন পাছে বীৰ চুড়ামণি।
শুনিয়োক দদা মই কহো স্বরূপত।
নতু মোৰ যুদ্ধ হৱে কৰ্ণৰ লগত॥ ২৭৮
সংশপ্ত দলকে মই বধিয়া আসিলো।
তোমাক নেদেখি মই ভীমক পুছিলো॥
তোমাৰ সঙ্কট কহিলেক ভীমসেনে।
সিকাৰণে দেখিতে আসিলো দুয়োজনে॥ ২৭৯
তোমাক দেখিলো দদা যদি আজ্ঞা পাও।
দিয়োক বিদাই দদা যুঁজি বাক যাও॥
অৰ্জ্জুনৰ বচন শুনিয়া যুধিষ্ঠীৰ।
বুলিবে লাগিলা কোপে কম্পয় শৰীৰ॥ ২৮০
ধিক তোৰ গাণ্ডীব অক্ষয় দুই টোণ।
বীৰ চুড়ামণি নাম ঘোষে অকাৰণ॥