পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
কৰ্ণবধ।


কিৰিটি, কুণ্ডল, কৰ্ণে, বলয়া কঙ্কন।
শত পত্ৰ সম চক্ষু দেখিতে শোভন॥ ২৫০
মাধৱৰ সেনাচয় যত আছিলেক।
মহাকোপ কৰি অৰ্জ্জুনক বেঢ়িলেক॥
কেহো বোলে মাৰ মাৰ কেহো বোলে ধৰ।
কতো শূলে হানে কতো পৰশু, মূদ্গৰ॥ ২৫১
শকতি হানয় কতো প্ৰহাৰে গদাক।
কতো কতো ধনু ধৰি মাৰে শৰ জাক॥
অনন্তৰে ধনু ধৰি ধনঞ্জয় বীৰ।
শংসপ্তক প্ৰহাৰিলা দশ দশ শৰ॥ ২৫২
গন্ধৰ্ব্বত যিটো শৰ শিখিয়া আচয়।
সেহি শৰ প্ৰহাৰিলা বীৰ ধনঞ্জয়॥
এক গোটা আসন্তে জোৰন্তে দশমান।
ক্ষেপন্তে শতেক হৱে গন্ধৰ্ব্বেৰ বাণ॥২৫৩
গাৱত পৰন্তে হৱে সহস্ৰ অযুত।
নতু দেখি নতু শুনি হেন অদভূত॥
অৰ্জ্জুনত পৰে আক নজানয় আনে।
নাৰায়ণী সেনাক হানিলা সেহিবাণে॥ ২৫৪
শৰপাই শংসপ্তকগণ এক জোপে।
অৰ্জ্জুনক শৰ প্ৰহাৰিবে লৈলা কোপে॥
একেবাৰে লক্ষ লক্ষ শৰ চলি যাই।
গগণ মণ্ডলে যেন ফুৰিঙ্গ উভাই॥ ২৫৫