পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
কৰ্ণপৰ্ব্ব।


যেখনে পাণ্ডৱে যুদ্ধে কৌৰবী দলত।
পাছহুয়া কৰ্ণে শৰ প্ৰহাৰে গাৱত॥
যুদ্ধত ভীমক দেখি প্ৰধান মুনিব।
ৰণ ভূমি এৰি সেনা পলাই দশোদিশ॥ ২৪৫
শুষ্ক তৃণ সম ভৈলা যত সেনাচয়।
অগ্নিৰূপ হুয়া ভীমে সবাকো দহয়॥
আউল জাউলে ভ্ৰমে বীৰ বৃকোদৰ।
গজ, বাজি, সেনা মাৰি নিলা যমঘৰ॥ ২৪৬
ভীমৰ বিক্ৰম দেখি সেনা নিৰন্তৰ।
প্ৰাণৰ ভয়ত পলাই তেজিয়া সমৰ॥
যেন ৰুদ্ৰৰূপে হৰে প্ৰজা সংহৰয়।
সেহিমতে ভীমে কুৰু সেনা নীদলয়॥ ২৪৭
ৰথী, সেনা, গজ, বাজি, পলাই যত যত।
উফৰি চিটিকি যাই গদাৰ কোৱত॥
এহিমতে যুদ্ধ যেবে ভৈলা ভয়ঙ্কৰ।
শুনা ধৃতৰাষ্ট্ৰ ৰাজা কথা অৰ্জ্জুনৰ॥২৪৮
মাধৱৰ দত্ত সেনা সংসপ্ত নামত।
সবে চতুৰ্ভূজ পীত বসন গাৱত॥
একৈকৰ বল গাৱে অযুত হস্তীৰ।
কৃষ্ণৰ লক্ষণ সবে পৰম সুন্দৰ॥ ২৪৯
সজ্জল জলদ শ্যাম তনু বিৰাজিত।
গলে বনমালা জ্বলে আজানু লম্বিত॥