পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কৰ্ণপৰ্ব্ব


শৰ কাটি দুই বাণ হানি হৃদয়ত।
আৰু তিনি বাণ প্ৰহাৰিলা ললাটত॥
অনন্তৰে সহদেবে ধৰি ধনুৰ্ব্বাণ।
দুই বাহু মাজে হানিলেক চাৰি বাণ॥২১৩
নৱশৰে কৰ্ণক টানিলা অনন্তৰে।
চাৰি গোটা ঘোৰাক তৰিলা আঠ শৰে॥
এক অৰ্দ্ধচন্দ্ৰ বাণ জুৰি সহদেবে।
কাল পৃষ্ট ধনুৰ্গুণ কাটিলেক তৰে॥২১৪
কৰ্ণৰ হাতৰ ধনু লক্ষিতে নাপাৱে।
কুমাৰৰ চাক যেন সদা পাক ঘুৰে॥
গুৱালনী ধৰি যেন ছৱালে নছুৱায়ে।
সেহিমতে কৰ্ণে ধনুখানক ঘুচয়ে॥ ২১৫
তথাপি তাহাৰ গুণ পাণ্ডবে চেদিলা।
ধন্য ধন্য বুলি সহদেৱক প্ৰনামিলা॥
পাছে অন্য গুণ কৰ্ণে লগাইলা ধনুত।
যুদ্ধৰ কাৰণে আগ ভৈলা ৰাধাসুত॥ ২১৬
সহদেবে হানিলেক দণ কলিয়াল।
সুবৰ্ণৰ পাখা আতি পৰম তিখাল॥
হেন শৰ ৰাধেয়ৰ হৃদয়ে হানিলা।
সাধু সাধু বুলি কৰ্ণে আতি প্ৰশংসিলা॥২১৭


এবিধ পৰুৱা