পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
কৰ্ণবধ।


শীঘ্ৰে চলি যায়ো তুমি চৰিয়া ৰথত।
তুমি আগ ভৈলে মই চলিবো পাছত॥ ১৭৩
নৃপতিৰ বচন শুনিয়া সেহি চেগে।
ভীমক খেদিয়া গৈলা আতি বৰ বেগে॥
বিজয়ক দেখি ভীমে কোপে কম্পমান।
বিশোকক বোলয় সম্মুখ কৰা যান॥১৭৪
গান্ধাৰী তনয় আসে মোক যুজিবাক।
পথাবো যমৰ লোক কৌৰৱে দেখোক॥
অগ্নিত পতঙ্গ যেন আসে পুৰিবাক।
ছৱাল হইয়া আসে মোক যুজিবাক॥ ১৭৫
দুৰ্যোধন দু:শাসন ৰাধা তনয়।
আনো কৌৱৰৰ আছে মহাবীৰ চয়॥
মোৰহাতে ফিৰিয়া নযাইবে লয় মনে।
বোলা ৰাম ৰাম ভনে বিদ্যা পঞ্চাননে॥ ১৭৬

দুলড়ি।

বিজয়ক ভীমৰ বিকৰ্থনা।

শুন শুন শুন গান্ধাৰী তনয়
 শুন দুষ্ট দুৰাচাৰ।