পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কৰ্ণপৰ্ব্ব


মুঠিতেসে খড়গখান পেলাইলেক ছেদি।
হেন দেখি কৃপ অশ্বত্থামা গৈলা খেদি॥
আন ৰথে চৰি ধৃষ্টদ্যুম্ন মহাবীৰ।
ধনু ধৰি কৌৰৱ সন্মুখে ভৈলা স্থিৰ॥ ১৬৮
অনন্তৰে কোবৰী দলত বৃকোদৰ।
হয় হস্তী সেনা মাৰি নিলা যম ঘৰ॥
হস্তী যুথ মাজে পশি কৰি আতি ৰঙ্গ।
একো একো কোবে মাৰে দ্বাদশ মাতঙ্গ॥১৬৯
কতো ৰথ তুলি ভীমে মাথাৰ ওপৰে।
হাসি হাসি নচুৱায়ে নৰ্ত্তকৰ দৰে॥
চৰন প্ৰহাৰে কাকো নেই যমঘৰে।
কাৰো মুণ্ড ছিণ্ডে বাম হাতৰ চৱৰে॥ ১৭০
গদাৰ পাকত সেনা শত সহস্ৰেক।
মাৰিলা যতেক তাক কহিবো কতেক॥
অযুত মাতঙ্গ দুই অযুতেক ৰথ।
চাৰি অযুতেক ঘোৰা নিলা যম পথ॥ ১৭১
অসংখ্যাত পদাতি মাৰি নিলা যমঘৰ।
তথাপি আনন্দ মন নাহিকে ভীমৰ॥
ভীমৰ বিক্ৰম দেখি তনয় তোমাৰ।
বিজয় ভ্ৰাত্ৰিক চাই দিলন্ত উত্তৰ॥ ১৭২
দেখিয়ো বিজয় কেৱে মহত্ব ভীমৰ।
সেনাগণ সমৰত সাৰয় আমাৰ॥