পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
কৰ্ণবধ

ৰথধ্বজ সাৰথি সকল হৈলা হত।
লৱৰি চৰিলা যাই কৃপৰ ৰথত॥ ১৬২
কৃতবৰ্ম্মা বীৰ আৰু পাঞ্চাল অপৰ।
দুয়ো মহা ৰথী ঘোৰ মিলিলা সমৰ॥
কৃতবৰ্ম্মা বাৱে পাঞ্চালক শত শৰে৷
মহাকোপে হানিলেক দুই স্তনান্তৰে॥১৬৩
ধৃষ্টদ্যুম্ন বীৰে পাছে পঞ্চাশ মৰ্দ্দনে৷
কৃতবৰ্ম্মা বীৰক যে হানিলা সন্ধানে॥
অনন্তৰে দুইৰো মহা মিলিল সমৰ৷
দুইকো দুয়ো অসংখ্যাত বৰিসিলা শৰ॥ ১৬৪
কটা গৈল ৰথ ধ্বজ সাৰথি আৰ ধনু৷
দুইৰো শৰঘাৱে ভৈল অচেতন তনু॥
অনন্তৰে চেতন লভিলা দুয়োজন৷
ধৰিলেক খড়্গচৰ্ম্ম যুজিবাক মন॥১৬৫
ৰণ ধৰণীত ফুৰে মণ্ডল আকাৰে৷
যেন দুই গোটা নটে মৈৰা চালি ধৰে॥
ধৃষ্টদ্যুম্ন বীৰ পাছে দক্ষিণক যাই৷
কৃতবৰ্ম্মা বীৰে ফুৰে বামে ছিদ্ৰ চাই॥ ১৬৬
কতো বাৰু ছাতি দুয়ো মাৰে বাৰু ধৰি৷
কতো ছেগ মাৰন্তে এৰাৱে চল কৰি॥
এহিমতে আছিলেক কতোক্ষণ মান৷
পাছে কৃতবৰ্ম্মাৰ কাঢ়িলা খড়্গ খান॥ ১৬৭