পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ


মাদলৰ মত তোৰ দেখিতে উদৰ।
মুখে দাৰি নাহি যেন সক্ষাতে কোছৰ॥
হাত পাৱ দেখি যেন হস্তীৰ আকাৰ।
ভালেহে খাইলি তই বকৰ আহাৰ॥ ১৪৬
নভৰে উদৰ যত খাস ভিক্ষা কৰি।
কোনেৰান্ধি ছিলে তাক খাইলি পেট ভৰি॥
খাইবাক লাগি তই ঘৰে যাৰ তাৰ।
হুপকাৰ হুয়াছিলি ঘৰে বিৰাটৰ॥। ১৪৭
খাইতে তোমাক লাগে অনেক আহাৰ।
সিকাৰনে ভাল মন্দ নকৰ বিচাৰ॥
এহি বুলি কাল পৃষ্ঠ ধৰি ধনু খান।
ধনুত যুৰিলা আনি সৰ্প সম বাণ॥ ১৪৮
ভীম সেনে বোলে শুন অৰে ৰাধা সুত।
কেনে মোক বাক্য তই বোল অযুগুত॥
নাহিকে ক্ষত্ৰিয় তই তনয় ৰাধাৰ।
ধৰ্ম্ম কৰ্ম্ম কিছু নাই শাস্ত্ৰৰ বিচাৰ॥ ১৪৯
ঘোৰাৰ কৰ্ম্মক তুমি জানাহা সম্প্ৰতি।
যাৰ যেন ঠান ভাল জানা যেন গতি॥
ৰথ সাজিবাক তই ভাল মতে জান।
সিকাৰনে আপোনাৰ গুণক বাখান॥ ১৫০
কৈত শুনি আছা যশ গাৱে আপোনাৰ।
কোনে কহি আছে তই বিনে দুৰাচাৰ॥