পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
কৰ্ণপৰ্ব্ব।


দুয়াৰে পশিবে যেন নথাৰয় কৰ্ণে।
সেহি মত ব্যেহু দ্বাৰ ৰাখিবা আপোনে॥
তোমাৰ সমান বলৱন্ত আন নাই।
এহি বুলি চাৰি বীৰ ভৈলা এক ঠাই॥১২৪
পাঞ্চল অৰ্জ্জুন ভীমসেন যুযুধান।
চাৰি বীৰে ফুৰি চাহিলেক ব্য়েহুখান॥
তিনিকো সাদৰী পাৰ্থে বুলিলা বচন।
শুনিয়ো সাত্যকি ধৃষ্টদ্যুম্ন ভীমসেন॥ ১২৫
কৰ্ণ শৰে নৃপতিক নপাৱয় যেনে।
সেহি মতে সাবধানে থাকিবা যতনে॥
যদি কৰ্ণ শৰে পীড়িবেক নৃপতিক।
তেবে জানা আমাৰ জীৱনে ধিক ধিক॥১২৬
তিনিৰো সমান বীৰ নাই জগতত।
তোমাৰ আগত তাক দেখো তৃণৱত॥
ভীমসেন যন্তে ব্যেহু দ্বাৰক ৰাখিবা।
তেৰা দুয়ো জনে আনো সহায় ভজিবা॥ ১২৭
হেৰা মই যাওঁ শংসপ্তক যুজিবাক।
তোমাসাৰ হাতে সমৰ্পিলো নৃপতিক॥
এহি বুলি চলিলা অৰ্জ্জুন নাৰায়ণ।
যি স্থানত যুদ্ধ কৰে শংসপ্তক গণ॥১২৮
তৈক লাগি গৈলা ধনঞ্ছয় দামোদৰ।
অনন্তৰে যেন ভৈলা শুনা নৰেশ্বৰ॥