পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া মহাভাৰত।

কৰ্ণ পৰ্ব্ব

নাৰয়ণং নমস্কৃত্য নৰঞ্চৈব নৰোত্তমং।
দেবীং সৰস্বতীং ব্যাসং ততোজয় মূদীৰয়েৎ॥

কৰ্ণক সেনাপতি কৰি কৌৰৱৰ যুদ্ধলৈ গমন॥

পদ।

জয় জয় পৰম ঈশ্বৰ মোৰ গুৰু।
প্ৰভূ ভগৱন্ত ভকতৰ কল্পতৰু॥
প্ৰণামো ভাৰতী ভগৱতী সৰস্বতী।
যাহাৰ প্ৰসন্নেহোৱে সুপ্ৰসন্ন মতি॥ ১
এহিমতে গলাৰাৱ কৰে সৰ্ব্বজনে।
শৈলোৰথ সাজিলেক পৰম যতনে॥
মহা বেগৱন্ত চাৰি গোটা ঘোৰা আনি'।
গলত জুয়াঁলি দিয়া বান্ধিলেক টানি॥
ব্যাঘ্ৰ চৰ্ম্ম জৰি দিলা শুদ্ধ সুবৰ্ণৰ।
দিলা ক্ষুদ্ৰ ঘণ্টা আৰি গলে ঘোটকৰ॥