পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
কৰ্ণপৰ্ব্ব

নানা অস্ত্ৰ ধৰি ৰপক জম্পে।
ভয়ে বিপক্ষৰ হৃদয় কম্পে॥
পতাকা দণ্ড ছত্ৰ ঠাই ঠাই।
যেন ৰাজ হংস গগণে যাই॥ ১১১
বসিয়া ৰথে বীৰ ধনঞ্জয়।
নিশঙ্ক হৃদয় নাহিকে ভয়॥
বানৰ ধ্বজৰ শুনি আটাস।
ত্ৰিভূবন লোক ভয়ে তৰাস॥ ১১২
বীৰ চুড়ামণি চলিলা ৰণে।
দুন্দুভি বাৱে গন্ধৰ্ব্ব গণে॥
ডাকিলা ৰথ দেৱ শ্ৰীপতি।
ভূমি এৰি কৰে আকাশে গতি॥ ১১৩
ধৰ্ম্ম ৰাজা সমম্বিতে শীঘ্ৰগতি যাই।
একত্ৰে ৰহিলা সবে ৰণ স্থল পাই॥
ডেৰ প্ৰহৰৰ পথ জুৰি সেনাগণ।
যুদ্ধক উৎসাহে বহিলেক ৰথীগণ॥ ১১৬
দ্ৰুপদ নন্দন বৰ ৰণত সুজান।
ভীম সমন্বিতে নিৰ্ম্মিলেক ব্যেহু খান॥
অৰ্দ্ধচন্দ্ৰ ব্যেহু খান পৰম দুৰ্জ্জয়।
আছোক ভেদিবে তাক দেখি লাগে ভয়॥১১৭
হেন ব্যেহু খন ধৃষ্টদ্যুম্নে বিৰচিলা।
দক্ষিণ আবিত যুযুধানক ৰাখিলা॥