পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
কৰ্ণবধ।


পদ।

পাণ্ডৱৰ যুদ্ধে যাত্ৰা।

সঞ্জয় বদতি ৰাজা শুনা একমনে।
অৰ্জ্জুনৰ বাক্য শুনি সভাসদগণে॥ ৮৫
বুলিলা বচন সবে নৃপতিক চাই।
অৰ্জ্জুন সমান বীৰ ত্ৰিজগতে নাই॥
দৃঢ় মুষ্ঠী লঘুহস্ত বিদূৰ ভেদন।
সমৰত দেখি যেন সহস্ৰ লোচন॥ ৮৬
প্ৰচণ্ড কোদণ্ড ধৰি ৰথৰ ওপৰে।
নানা বিধ শৰ হানে যেন বজ্ৰ ধৰে॥
আপুনি দেখিছা আমি কহিবোহোঁ কিক।
গন্ধৰ্ব্বে বান্ধিয়া নিলে কুক নৃপতিক॥ ৮৭
একেশ্বৰে বৃহন্নলা যাই আকাশক।
আনিলা ৰাজাক ৰণ জিনি গন্ধৰ্ব্বক॥
হেন ধনঞ্জয় বীৰ আছে বিদ্যমানে।
মিছা কাজে দদা অসন্তোষ কৰা কেনে॥ ৮৮
দুইৰথ যুদ্ধে জিনিবেক ৰাধেয়ক।
কদাচিতো কৰ্ণ সম নহে অৰ্জ্জুনক॥
তাসম্বাৰ বচন শুনিয়া যুধিষ্ঠীৰ।
দুখ চিন্তা এৰি ভৈল শান্ত কলেৱৰ॥ ৮৯