পাতনি।
ইতিপূৰ্ব্বে অসমীয়া মহাভাৰতৰ কেইবা খণ্ডত প্ৰকাশ গৈছে। “কৰ্ণপৰ্ব্ব” নামৰ এই পুথিখনী আমাৰ চকুৰ আগত পৰাত তাক পোহৰলৈ আনিবলৈ ইচ্ছা কৰি বহু পৰিশ্ৰমে তোলা হল, আহি পুথিখনী অতি প্ৰাচীন কালৰে লিখিত তথা অস্পষ্ট আছিল, তাক সম্য়ক ৰূপে শুধৰাবলৈ আমাৰ এই ক্ষেত্ৰত জ্ঞানশস্য়ৰ 'আনদানী কম। সেই হেতুকে যথাদৃষ্টং লিখিতং ইয়াকে সাৰ কৰা হল।
আৰ্হি পুথিৰ পৰা উদ্ধৃত কৰা হল হয়, কিন্তু অৰ্থাভাৱে ইয়াক ছপা কৰাবলৈ অসমৰ্থ হৈ অনেক কাল এই পুথি পেলাই থৈছিলোঁ। পৰিশেষত ডিব্ৰুগড় নিবাসী পবিত্ৰতা জীবন শ্ৰীশ্ৰীযুক্ত গঙ্গাধৰ শৰ্ম্মা খাটনীয়াৰ ডাঙ্গৰীয়াই কৃপা কৰি এই পুথি খনী ছপোয়াৰ ভাৰ নিজে গ্ৰহন কৰি আমাক উৎসাহিত এবং সবিশেষ অনুগ্ৰহীত কৰিলে।
ডাঙ্গৰীয়াৰ এই কৃপাগুণত চিৰকালৰ নিমিত্তে কৃতজ্ঞ থাকিলো।
পৰিশেষত এই ফেৰিও লেখিব লগা হল যে এই পুথি ও বৰ্ণশুদ্ধি আদিচোৱাত ডিব্ৰুগড় নিবাসী বিখ্যাত পণ্ডিত, পূজনীয় শ্ৰীযুক্ত শিবনাথ ভট্টাচাৰ্য্য় মহাশয়ে মোক যথেষ্ট সহায় কৰিলে। সেই বাবে উক্ত ডাঙ্গৰীয়াৰ ওচৰত এবাৰ নোৱাৰা ধাৰেৰে তুচ্ছ হৈ থাকিলো অলমতি বিস্তৰেণ।
এপ্ৰিল |