পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব


  • মাথে টোপ সবাহাৰ গাৱত সণ্ণাহ। ১

হাতে ধনু ধৰি কৰে যুদ্ধক উৎসাহ॥ ৬৩
হৈবে দুই ৰথ যুদ্ধ কৰ্ণ অৰ্জ্জুনৰ।
আমিও কৰিবোঁ যুদ্ধ লগে কৌৰৱৰ॥
এহিমতে কৰে সবে আটোপ টঙ্কাৰ।
শুনা ধৃতৰাষ্ট্ৰ আবে কথা আত পৰ॥ ৬৪
সেহি সময়তে উপগত চৰগণ।
নৃপতিৰ আগে কহে সব বিবৰণ॥
চতুৰ্পন্থ ব্যেহু যেন কৰ্ণে বিৰচিলা।
চবমুখে যুধিষ্ঠীৰ সকলে শুনিলা॥ ৬৫
তাক শুনি মহাৰাজ পাণ্ডুৰ সন্ততি।
মাধৱক বোলয় শুনিয়ো যদুপতি।
কৰ্ণে নিৰ্ম্মিলেক ব্যেহু পৰমদুৰ্জ্জয়।
তাকশুনি মোৰ মনে ভৈল মহাভয়॥ ৬৬
মহাবলৱন্ত কৰ্ণ মহাধনুৰ্দ্ধৰ।
মহাতেজৱন্ত যাক নাহি পটন্তৰ॥
তাতে গহ কৰি আছে ৰজা দুৰ্য্যোধন।
সমস্তকে নিবাৰিবে কৰি ঘোৰৰণ॥ ৬৭
কৰিবেক দ্বৈৰথ যুদ্ধ কৰ্ণ ধনঞ্জয়।
ধনঞ্জয় জিনে কিম্বা কৰ্ণ মহাশয়॥