পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ।


কৰ্ণ শৰে ঘোৰা যেবে পৰে অৰ্জ্জুনৰ।
এহি ৰথে চৰি আমি কৰিবা সমৰ॥
এহি বুলি যদুপতি কৰিলন্ত স্নান।
দাৰুকে সাজিলা ৰথ দেৱৰ বিমান॥ ৫৮
নানা অস্ত্ৰ সস্ত্ৰ সব থৈলা ঠাই ঠাই।
যাক যেতিক্ষণে চাৱে তাক যেন পাই॥
প্ৰভাতৰ কৰ্ম্ম হৰি কৰি সমাপত।
পিন্ধিলেক পীত বস্ত্ৰ শ্যাম শৰীৰত॥ ৫৯
কৱচ, কুণ্ডল মাথে কিৰীটি উজ্জ্বল।
সহস্ৰেক সূৰ্য্যসম প্ৰকাশ নিৰ্ম্মল॥
নানা মনি ৰত্নে দেহা কৰি জাতিস্কাৰ।
অনন্তৰে অৰ্জ্জুন শিবিৰে গয়ো সাৰ॥ ৬০
অৰ্জ্জুন, সাত্যকি, ধৃষ্টদ্যুন্ম মহাবীৰ।
কৃষ্ণে সমন্বিতে গৈলা ৰজাৰ মন্দিৰ॥
দিব্য সিংহাসনে বসি আছে যুধিষ্ঠীৰ।
নক্ষত্ৰৰ মাজে যেন শশী পূৰ্ণিমাৰ॥ ৬১
প্ৰণাম কৰিলা নৃপতিৰ চৰণত।
সাত্যকি, পঞ্চাল বসিলেক দক্ষিণত॥
ৰজাক প্ৰণামি ধনঞ্জয়, নাৰায়ণ।
নৃপতিৰ আগত বসিলা ৰঙ্গমন॥ ৬২
যত বীৰগণ বসি আছে পাণ্ডৱৰ।
সবে মহাৰথী আৰু মহাধনুৰ্দ্ধৰ॥