পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব।


এতেকে জানিবা তাৰ নাহি পৰাভৱ।
তোমাৰ আগত সখি কহিলো নিশ্চয়॥
কৃষ্ণৰ বচন শুনি বীৰ চুড়ামণি।
কতোক্ষণ নমাতি আছিলা মনে গুণি॥ ৫৩
অৰ্জ্জুনে বোলন্ত শুনিয়োক দামোদৰ।
মইতো জানোহোঁ কৰ্ণ মহাধনুৰ্দ্ধৰ॥
মহা দৃঢ়মুষ্টি বীৰ ধৰ্ম্মক জানয়।
যাৰ শৰে পৰ্ব্বতৰো শৃঙ্গক ভৈদয়॥ ৫৪
তথাপি তোমাৰ প্ৰভো চৰণ প্ৰসাদে।
নপাইবেক অৰ্জ্জুনক একোয়ে প্ৰমাদে॥
বধিবোঁ কৰ্ণক মই এতেকে সৰ্ব্বথা।
মোৰ বাক্য কদাচিতো নুহিবেক বৃথা॥ ৫৫
আপুনি হৈলাহা মোৰ ৰথৰ সহায়।
তাৰ কদাচিতো নাহিকন্ত পৰা জয়॥
হেন কথা মাতে মহানিশি আসি ভৈলা।
অনন্তৰে কৃষ্ণে নিজ মন্দিৰক গৈলা॥ ৫৬
অৰুণ উদয়ে উঠি দেব নাৰায়ণ।
দাৰুকক মাতি হেন বুলিলা বচন।
[ সব্য, সুগ্ৰিবক, মেঘ, পুষ্পৰলাহক,]
সাঁজিয়োক ৰথে মোৰ চাৰিও ঘোটক॥ ৫৭


ৰথৰ ঘোৰাৰ নাম॥