পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৬
কৰ্ণবধ


কৰ্ণক দেখিতে ধৰ্ম্ম যায় ৰথে চড়ি।
পুত্ৰসনে পৰি আছে দেখে নেত্ৰ ভৰি॥ ৬২৪
কৃষ্ণক কৰন্ত স্তুতি ৰাজা যুধিষ্ঠীৰে।
তোমাৰ কৃপাতে প্ৰভূ জিনে কৰ্ণবীৰে॥
নমো নমো নাৰায়ণ দীন দয়াশীল।
তুমিসে কৃপাৰ নিধি আবেসে জানিলো॥ ৬২৫
কৰ্ণে যেন যুদ্ধে যম আছিল আমাৰ।
তোমাৰ কৃপাতে পাৰ্থ কৰিল সংহাৰ॥
আজিসে জানিলো প্ৰভু ৰাজ্য পাবো মই।
আজি নৰপতি হৰো নাহি কিছু ভয়॥ ৬২৬
যুদ্ধ এৰি কৌৰবি পাণ্ডবি গৈল ঘৰে।
পাণ্ডৱদলত সবে মহা হৰ্ষ কৰে॥
শুনা সভাসদ মহাভাৰতৰ কথা।
শুনিলে তৰয় লোকে নাহিকে অন্যথা॥ ৬২৭
ধন জন পুত্ৰ ভাৰ্য্য়া সবে অকাৰণ।
কেবলেসে সাৰ হয় ঈশ্বৰ চৰণ॥
কৰ্ণপৰ্ব্বৰ কথা যিটো শুনে একমনে।
নাহি অধৰ্ম্মক সঙ্কা ইতিনি ভূবনে॥ ৬২৮
হৰি বিনে হৰন্ত ভয় সংসাৰৰ যত।
হৰি বিনে হিত সিদ্ধি নহয় আনত॥
দন্তেতৃণ ধৰি কৰো সবাকে কাতৰ।
সভাসদ লোকে দোষ নধৰা আমাৰ॥৬২৯