পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
কৰ্ণবধ

দিবসে আন্ধাৰ ভৈল ঢাকিলেক শৰে।
কুহুবি (১) ঢাকিল যেন পৌষ যে মাসৰে॥ ৬১৩
বাৰিষাৰ কালে যেন মেঘে বৰষিল।
দুইকো দুয়ো প্ৰহাৰিলা যাৰ যেন বল॥
শেল শূল, জাঠা. জাঠি, পৰশু, তোমৰ।
ভূষণ্ডি, মুষল, শিলি, পাশুপত্ৰ শৰ॥ ৬১৪
ইত্যাদি যতেক অস্ত্ৰ কৰ্ণৰ আছিল।
পাৰ্য্য মানে কৰ্ণবীৰ শৰ প্ৰহাৰিল॥
মনত পৰয় মানে শৰ প্ৰহাৰয়।
দিব্য অস্ত্ৰধৰি পাৰ্থ সবে নিবাৰয়৷॥ ৬১৫
পূৰ্ব্বৰ প্ৰতিজ্ঞা আসি পৰিল মনত।
মহাশৰ আনি পাৰ্থ যুড়িল ধনুত॥
সঞ্চয় বদতি ৰাজা শুনা এক মনে।
মহকোপে ধনঞ্জয় ৰুদ্ৰৰূপে যেনে॥ ৬১৬
শৰপাট যোৰন্তে কম্পিল ত্ৰিজগত।
পলায় দেৱতাগণ অন্তৰে বহুত॥
শৰযুৰি কুন্তিসুতে বুলিলন্ত বাক।
শুন অৰে ৰাধাসুত ৰাখ আপোনাক॥ ৬১৭
এহিবুলি ধনঞ্জয় শৰপ্ৰহাৰিল।
নিবাপিতে কৰ্ণ বহু যতন কৰিল॥
নিবাপিতে নপাৰিল কৰ্ণ মহাবীৰে।
বেগে আসি শৰপৰে তাহান শৰীৰে॥ ৬১৮


১।কুহুবি