পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
কৰ্ণপৰ্ব্ব।


কৰহৈতে খসিয়া পৰিল ধনুখান।
অচেতন হৈয়া পাৰ্থ ৰৈল কতোক্ষন॥
এহেন সময়ে কৰ্ণ পায়া অৱসৰ।
ৰথ চক্ৰ উদ্ধাৰিতে গৈল ধনুৰ্দ্ধৰ॥ ৬০৮
দুইহাতে ধৰি উদ্ধাৰিতে নপাৰিল।
পুনৰপি ৰথ চক্ৰ ভূমিত পশিল॥
মনত বিষাদ বৰ পায়া অপমান।
মনে ভাবে কৰ্ণ আৰু কৰয় ক্ৰন্দন॥ ৬০৯
দেৱতাতো দুৰ্জ্জয় বলিষ্ঠ যিটো কৰ্ণ।
হৰি হৰি বিধাতা কৰিলি হেন ঠান॥
মনে জানো সমৰত নকৰয় ৰক্ষা।
মাধৱেসে বঢ়াৱন্ত অৰ্জ্জুনৰ কক্ষা॥ ৬১০
কিছু কিছু কৰি পাৰ্থ চেতন লভিল।
বীৰভাৱে বসি পাৰ্থ গাণ্ডীৱ ধৰিল॥
মাধৱ বদতি শুনা ধনঞ্জয় বীৰ।
মোহাৰ বচনে কাটিয়োক কৰ্ণশিৰ॥ ৬১১
কৃষ্ণৰ বচন ধৰি পাৰ্থ মহাশয়।
খুৰপতি বাণ অনি ধনুত যোড়য়॥
কৰ্ণও ধনুক তুলি লৈলা তাৱক্ষণে।
দুয়ো পানে দুয়ো ক্ৰোধে চাৱে ঘনে ঘনে॥ ৬১২
দুয়ো বীৰে যুদ্ধকৰে দেখি বিপৰ্য্যয়।
গগণ ঢাকিয়া দুয়ো শৰ বৰিষয়॥