পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
কৰ্ণবধ।

ডাকদিয়া বোলে পাৰ্থ শুন ৰাধাসুত।
কৃষ্ণৰ শৰীৰে শৰ কৰ অযুগুত॥
ৰথী থাকে সাৰথিক শৰ কৰে যিটো।
পুৰুষৰ মধ্যে জানা কাপুৰুষ সিটো॥ ৫৮১
অগ্নিসম জ্বলে পাৰ্থ স্থিৰ নোহে গাৱ।
মাৰিলেক জাক জাক অস্ত্ৰ শস্ত্ৰচয়॥
বাণে বাণ নিবাৰয় কৰ্ণ মহাবীৰ।
অৰ্জ্জুনেৰে প্ৰহাৰিলা পঞ্চবিংশ শৰ॥ ৫৮২
শৰ চোটে কুন্তীসুত ৰথে ধলি পৰে।
হেন দেখি দামোদৰ আঙ্কোয়াহি ধৰে॥
কৃষ্ণৰ পৰশ পাই পাশৰিল সিয।
বুলিবে লাগিলা পাৰ্থ তেজিয়া নিশ্বাস॥ ৫৮৩
আশ নকৰিও প্ৰভু জীৱনত মোৰ।
দুনাই মিলিল বনবাস পাণ্ডৱৰ॥
দাৰ কেশ লৰে মোৰ সৰ্ব্বগাৱে বিষ।
পাসৰিলো ক্ষুধা তৃষ্ণা নজানো বিশেষ॥ ৫৮৪
অৰ্জ্জুন বিকল দেখি বোলে গদাধৰ।
আজি ৰণে কৰ্ণক তুমি কৰিও সংহাৰ॥
আকৰ্ণ সমান কৰি ধনুক টানিল।
একাদশ শৰ পাৰ্থে কৰ্ণক হানিল॥ ৫৮৫
ক্ৰোধত আকুল হৈয়া দুয়ো ধনুদ্ধৰ।
দুইকো দুয়ো ছিদ্ৰ চাই কৰন্ত প্ৰহাৰ॥