পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১১
কৰ্ণপৰ্ব্ব।


শ্ৰীকৃষ্ণেৰ প্ৰতি মাৰে একাদশ শৰ।
দশ শৰে ভীমক যে কৰিলে ফাফৰ ॥ ৫৪৩
হেন দেখি অৰ্জ্জুনৰ কোপে কাপে তনু।
মহাখঙ্গে তুলি লৈলা বৃহতৰ ধনু॥
গুণত যুড়িলা আনি খুৰপতি বাণ।
বৃষসেন হাতৰ কাটিলা শৰাসন॥ ৫৪৪
পুনু বীৰে এক শৰ যুড়িলা গুণত।
বৃষসেন মাথা কাটি পেলাইলে ভূমিত॥
হাহা পুত্ৰ বুলি কান্দে কৰ্ণ মহাবীৰ।
পুত্ৰ শোকে ৰাধেয়ৰ শৰীৰ অস্থিৰ॥ ৫৪৫
কৈক গৈলা পুত্ৰ মোক এত শোক দিয়া।
তোমাৰ বিহনে মোৰ ফাটি যায় হিয়া॥
শৈলে বোলে কৰ্ণ তুমি শোক পৰিহৰা।
শত্ৰুক লাগিয়া বীৰ ধনুখান ধৰা॥ ৫৪৬
বীৰৰ এমত কাৰ্য্য নহয় উচিত।
অৰ্জ্জুনে মাৰিছে সেনা দেখা বিপৰীত॥
শোক পৰিহৰি বীৰে মন স্থিৰ কৈল।
অৰ্জ্জুনক লাগি কৰ্ণ মহাখঙ্গে গৈল॥ ৫৪৭
কৰ্ণে বোলে শুনিয়োক শৈল্য নৰেশ্বৰ।
অৰ্জ্জুনক লাগি ৰথ ডাকিয়ো সত্বৰ॥
ৰথখান যায় যেন বিজুলি সঞ্চাৰ।
উৰিগৈল জীৱ দেখি পাণ্ডব সেনাৰ॥ ৫৪৮