এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৯
কৰ্ণপৰ্ব্ব।
ভূমিত পেলায়া তাৰ উৰুত বসিলা।
বামহাত তুলি ভীমে বচন বুলিলা॥
শুনিয়োক কুৰু, পাণ্ডৱৰ বীৰ যত।
বাম বাহু তুলি মই কহো সৰুপত॥ ৫৩৪
যাহাৰ শকতি আছে ভীমক জিনিয়া।
দুঃশাসন পাপীষ্টক নিয়ো উদ্ধাৰিয়া॥
এই দুঃশাসনৰ কৰিবো ৰক্তপান।
কাহাৰ শকতি আছে কৰ পবিত্ৰাণ॥ ৫৩৫
ফোপমনে ভীমসেন কহে উচ্চৈঃস্বৰে।
হইল ৰাক্ষস মুৰ্ত্তি যুদ্ধৰ ভিতৰে॥
খড়গ লৈয়া বুকুতাৰ বিদাৰিবে লৈলা।
উদৰ পুৰিয়া ভীমে তেজ পান কৈলা॥ ৫৩৬
বৃকোদৰ তেজপান কৰিয়া কহিল।
আজি মোৰ শৰীৰত অমৃত পুৰিল॥
ৰক্তপিয়া ভীমসেনে সংগ্ৰাম মাজেতে।
ৰাক্ষস বুলিবা লোক পলাই ভয়তে॥ ৫৩৭
ভীমৰ অদ্ভুত কৰ্ম্ম দেখি দেৱগণে।
সাধু সাধু বুলি প্ৰশংসিলা ৰঙ্গমনে॥
গুৰু গোপালৰ পাদ পদ্ম ধৰি মনে।
বোলা ৰাম ৰাম ভণে বিদ্যা পঞ্চাননে॥ ৫৩৮