পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৮
কৰ্ণবধ।

বামহাতে কোবেক বসহিলা বিপৰীত।
চাৰি ঘোৰা সমে ৰথ ভৈলা চুৰ্ন্নাকৃত ৷৷ ৫২৮
ডেওদিয়া ৰথৰ ন৷মিলা দুঃশাসন ।
খড়গ চৰ্ম্ম ধৰিলেক যুজিবাক মন ॥
দক্ষিণৰ পৰা বীৰ বাম ভিতে জাই ।
ধৰিবাক লাগি ভীমে ফুৰে চেগ চাই ॥ ৫২৯
এহিমতে ফুৰে যেবে ৰাজাৰ সোদৰ।
জাম্পদিয়া কেশত ধৰিলা বৃকোদৰ ॥
পলৰিয়া স্ত্ৰীক নিজ স্বামী যেন পাই ।
ধৰি মাৰি নিজ ঘৰে লৈযাই ঘসাই ॥ ৫৩০
সিংহে যেন হস্তী ধৰি নেই পৰ্ব্বতক ।
ব্য়াঘ্ৰে যেন গৰু ধৰি লৈয৷ই বনক ॥
সেহিমতে ভীমসেনে বলে ধৰি তাক।
চুলে ধৰি আনিলেক আপোন সেনাক ॥ ৫৩১
অনন্তৰে দুৰ্য্য়োধন, কৰ্ণ, কৃতবৰ্ম্মা|।
দ্ৰোণৰ তনয় মহাবলি অশ্বথমা ॥
চাৰি গোটা বীৰে পাণ্ডৱক ধৰি দিলা ।
দেখি কৃষ্ণ, ধনঞ্জয়ে পথ নিৰোধিলা ॥ ৫৩২
হস্তী যুথ ৰৈলা যেন দেখিয়া সিংহক।
ৰহিলা চাৰিয়ো বীৰ দেখি অৰ্জ্জুনক ॥
যথাত আছন্ত বীৰগণ পাণ্ডৱৰ।
তৈকে লাগি ধৰি নিলা বীৰ বৃকোদৰ ॥ ৫৩৩