পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
কৰ্ণবধ।


এহিবুলি বাৰি দিয়া চানৰক তুলি।
পাছে শকুনি দেখে উপস্থ সমুলি॥ ৪৮৪
কেহো বিষ্ণু স্মৰে কেহো চাৱয় সূৰ্য্যক।
কতো সাধু সাধু বুলি প্ৰশংসে ভীমক॥
তাত পাছে দূৰ্য্যোধন ৰাজা মহামানি।
সেবক সবক চাই বুলিলেক বানি॥ ৪৮৫
মোহোৰ আগৰ হন্তে নিয়ো মাতুলক।
দুৰ্গতি গুছায়া বস্ত্ৰ দিয়ো পিন্ধিবাক॥
নৃপতিৰ বচনক শিৰোগত কৰি।
শকুনিক লৈয়া গৈলা দুয়ো হাতে ধৰি॥ ৪৮৬
শৰীৰৰ সমস্তে কাটিলা চামৰক।
বামহাতে গান্ধাৰে ধাকিলা উপস্থক॥
গুচাইলেক গাৱৰ সকল অমঙ্গল।
স্নান কৰিবাক লাগি আনি দিলা জল॥ ৪৮৭
কতো বোলে শীঘ্ৰ কৰি বস্ত্ৰ আন জাই।
কতো বোলো ৰহ খানিতেক থাকো চাই॥
শকুনিৰ অবস্থা হৈলেক যত যত।
একমুখে আমি তাক বৰ্ণাইবোহো কত॥ ৪৮৮
অনন্তৰে বস্ত্ৰ পিন্ধিলেক শৰীৰত।
মহালজ্জা পায়া ৰৈলা সবাৰো পাছত॥
শকুনিৰ কথা আবে এহি মানে থওঁ।
পাছে যেন যুদ্ধ ভৈল তাৰ কথা কওঁ॥ ৪৮৯