পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
কৰ্ণপৰ্ব্ব।


হেন শুনি শৈল ৰাজা হাসে মনে মনে।
সবাকাৰ আগে ধৰি নিলে ভীমসেনে॥
চুলে ধৰি নিলে সবে আছিলেক চাই।
মিছা দৰ্প কৰি বোলে আমাক শুনাই। ৪৭৯
শৈলে বোলে শকুনি এৰিও অসন্তোষ।
আজি জানো কৰ্ণৰ নাহিকে কিছু দোষ॥
যেখনে তোমাক ভীমে চুলে ধৰি নিলে।
তেতিক্ষণে কৰ্ণ জানা শিবিৰে আছিলে॥ ৪৮০
হৰি হৰি ভীমে তোক দিলে মহাদুঃখ।
দান্ত নাই কুৎচিত দেখন্তে তযু মুখ॥
দাৰি চুলি নাই আসিবেক কত কাল।
দান্ত হীন মুখ যে উখহা দুই গাল॥ ৪৮১
শৈলৰ বচন যেন বজ্ৰৰ প্ৰহাৰ।
ভীমত কৰিয়া দুখ লভিলা গান্ধাৰ॥
আনো নানা কৌৰৱৰ সেনাবীৰ যত।
শকুনিক বেৰিলেক সেহি সময়ত॥ ৪৮২
সবে বোলে ভাল কৰিলেক বৃকোদৰ।
ইহাৰ নিমিত্তে মহা মিলিল সমৰ॥
আমাৰ মাৰিলে ভাই, ভতিজা, তনয়।
খড়া, জেঠা মাৰি সবে নেই যমালয়॥ ৪৮৩
ভাল পাশা খেলিলেক ভীম মহামতি।
ভী মেসে জানয় পাশা নাজানে নৃপতি॥