পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ।


কাম্ভোজ দলক নিয়োজিয়া বীৰে দিলা।
দুৰ্য্যোধন নৃপতিক পাছত ৰাখিলা॥
আবৰি বহিলা হস্তী, ঘোৰা, সেনাগণ।
বালিচত আউজি বসিলা দুৰ্য্যোধন॥ ৩৬
অৱশেষ ভাতৃগণ আছিলেক যত।
সমস্তে ৰহিলা জেষ্ঠ ভাতৃ লগত॥
দুই ৰথ যুদ্ধৰ ৰঙ্গ চাহিবাক মনে।
সবে বীৰগণ বসিলেক স্থানে স্থানে॥ ৩৭
সঞ্চয় বদতি ৰাজা কহিলোঁ সকল।
যেন ব্যেহু নিৰ্ম্মিলেক কৰ্ণ মহাবল॥
এবে পাণ্ডৱৰ কথা শুনা একমনে।
বোলা ৰাম ৰাম ভণে বিদ্যা পঞ্চাননে॥৩৮

ছবি।

যুধিষ্ঠীৰৰ প্ৰাতঃকৃত্য।

শুনা ৰাজা এক মনে, কি কৰিলে পাণ্ডুগণে,
 তাক মই কহিবো নিশ্চয়।
নটে ভাটে গীত গায়, মুহুৰ্ত্ত ৰাত্ৰিৰ যায়,
 নৃপতিক প্ৰবোধ কৰয়॥