পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অঙ্ক

প্ৰথম দৃশ্য

ৰাজ বাট (দুজন দুৱৰী)

( কৃষ্ণ বলোৰামৰ মল্লবেশে প্ৰবেশ)

কৃষ্ণ। পালোঁহি তোড়ন মুখ। দুৱাৰত আছে
 অসি লৈ ভীষণ প্ৰহৰী। সম্ভাৱনা
 ইয়ো দিব যুঁজ আমাৰ লগত আজি।
 মৃত্যু ফান্দ যত আছে পাতিছে ৰজাই।
 ( আগবাঢ়ি গৈ) দুৱৰী এৰি দে দুৱাৰ, যাম আমি
 ৰাজ সভালৈ। মাল আমি দুয়ো, আহিছোঁ
 যুঁজিম বুলি ৰাজ মাল সহ।
১ম দূৱৰী। অ’ তহঁতেই ব্ৰজবাসী গৰখীয়া মাল।
 ক্ষন্তেক ইয়াতে থাক। মহাৰাজ আছে
 সভাত আসীন, বাতৰি পঠাওঁ মই।
কৃষ্ণ। আহুত আলহী আমি। বাট এৰি দে
 এতিয়াই, যাম পোনে ৰজাৰ কাষলৈ।
২য় দূৱৰী। মৰণ মিলিছে কটা ঢেকুৰা গোৱাল,
 ৰৈ থাক মনে মনে; নহলে নিশ্চয়
 মৰিবি হাতত মোৰ। মাল যুঁজ আশা
 একেবাৰে হব লোপ।