পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৭৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪ৰ্থ দৃশ্য]
৬৭
কৃষ্ণ লীলা

বলো। কি চাইছা তুমি মালাকৰ? দুয়োজন
 আমি দূৰৰ অতিথি বিদেশী মানুহ।
  [ মালাকৰে সেৱা কৰে ]
মালী। প্ৰভু; কি দেখালা আজি। শয়নে সপোনে
 যেতিয়াই ভাবো ইষ্টদেৱ, হৃদয়ত
 দেখা পাওঁ চকা মকাকৈ যিটো ৰূপ
 সেইৰূপ সশৰীৰে আহি, কি মোহন
 বেশ ধৰি দেখা দিলা। স্বপনেই কিবা?
 আহা নাথ আৰু কাষলৈ। তৃপ্ত হওক
 চকু মন প্ৰাণ। [ সাষ্টাঙ্গে প্ৰণাম]
কৃষ্ণ। উঠা উঠা সাধু মালাকৰ। দিঠকৰ
 সমাজিক নহো আমি; ব্ৰজৰ গোৱাল।
 দিয়া মালা, পিন্ধি যাওঁ ৰাজসভালৈ।
মালী। প্ৰভু, যি মালা গাথিছোঁ যোগ্য সেই মালা
 ৰজাৰ কাৰণে। নোহে যোগ্য ইশৰীৰ
 শোভাৰ হেতুকে। বনমালা সুবাসিত
 বনফুলে গাঁথি দিম প্ৰভু, সযতনে
 দেৱৰৰ বাঞ্ছিত কৰি। ক্ষন্তেক জিৰোৱাঁ
 এই ফুলনীত মোৰ। চোৱা প্ৰভু চোৱা
 যত মৰা ফুল ফুলিল কি দৰে আজি।
 কুলিয়ে মাতিছে পঞ্চমত। দেৱ দেৱ
 আদি দেৱ তোমাৰ চৰণ স্পৰ্শে আজি
 পূত মোৰ দৰিদ্ৰৰ ঘৰ। সমীৰণ
 বৈছে সঘনে ৰৈ ৰৈ। যেয়ে হোৱা প্ৰভু