পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি ।

 ১৯৩২ সনত চিপাহিয়ে বেৰি ধৰি শ্ৰীহট্ট জেইলৰ স্বৰাজ আশ্ৰমলৈ নিওঁতে বেইলত উঠিবৰ সময়ত মোক আগবঢ়াবলৈ যোৱা ডেকা বন্ধু শ্ৰীমান পদ্মধৰ চলিহা আৰু শ্ৰীমান ৰাধানাথ হাজৰিকাই মোক বিশেষকৈ অনুৰোধ কৰিছিল যেন জেইলত থাকোঁতে সাহিত্য চৰ্চাৰ ফালে অলপ মন দিওঁ। কৃষ্ণলীলা খনৰ কেটামান দৃশ্য ইতিপূৰ্ব্বে গদ্যেৰে বাঁহীত ওলাইছিল। ফাটেকত থাকোঁতে বাকীখিনি লেখিবলৈ হাতত লৈছিলোঁ। সাহিত্য সেৱাত বিশেষ অভ্যাস নথকাত আৰু কীৰ্ত্তন দশম ইত্যাদি কোনো কিতাপ নোপোৱাত কিতাপখনি লেখাত অলপ অসুবিধাও হৈছিল। সৰুৰেপৰা কৃষ্ণভক্ত পিতৃদেৱতাৰ আৰু মাতৃদেবীৰ মুখে শুনি শুনি আৰু নিজেও পঢ়ি কৃষ্ণ চৰিত্ৰ সম্বন্ধে যেনে জ্ঞান হৈছিল তাৰে ওপৰত নিৰ্ভৰ কৰি এই গ্ৰন্থখনি লিখা হৈছিল। আসামত শ্ৰীকৃষ্ণৰ প্ৰতি সখীভাবৰ প্ৰচলন নাই, — কেৱল দাস্য ভাবৰেহে প্ৰচলন সেই দেখি আসামৰ বিগ্ৰহ সকলৰ লগত ৰাধা নাই। কুচবিহাৰৰ মদনমোহন, বৰপেটাৰ কলিয়া ঠাকুৰ, আউনিআটীৰ গোবিন্দ, দক্ষিণ পাটৰ যাদবৰায় কোনো বিগ্ৰহৰ লগতে ৰাধা নাই। জীবাত্মা ৰুপিণী গোপিনী আৰু পৰমাত্মাৰুপী কৃষ্ণৰ মহামিলনেই শ্ৰীশঙ্কৰ আৰু মাধব গুৰুৰ গ্ৰন্থৰ চৰম ভাৱ। মোৰ ক্ষুদ্ৰ বুদ্ধিৰে এই কিতাপ খনিত “কৃষ্ণস্তু ভগবান স্বয়ং” এই ভাবটিকে ফুটাই তুলিবৰ চেষ্টা কৰিছোঁ।

 ২ মাহৰ ভিতৰত কেবাখনো কিতাপ লিখিবলৈ হাতত লোৱাত এই কিতাপখন ১০ দিনতে লেখি শেষ কৰা হৈছিল। বাকী দিন কেটাত আৰু