সমললৈ যাওক

পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃষ্ণ লীলা


হিৰা ভৰা ভাল পোৱা
লোৱা উপহাৰ লোৱা
চেনেহ চানেকি লোৱা ফুল,
জীবনৰ যত আশা
প্ৰণয়ৰ প্ৰিয় ভাষা
সঁপিলোঁ তোমাৰ পদমূল।

কৃষ্ণ। সুন্দৰ ইজগতত সকলো সুন্দৰ
 চোৱাঁ সখী গছে গছে ফুল কি সুন্দৰ
 ফুলি শোভিছে ধৰণী। কি সুন্দৰ গীত
 গাইছে পখীয়ে। সুললিত মনোমোহা
 মধুৰ সঙ্গীত গালা সখী তোমালোকে।
 সুন্দৰী ৰূপহী মথুৰাবাসিনী চাৰু
 জ্যোতিৰ্ম্ময়ী সখী। মোহিলা আমাৰ মন।
 সত্য ৰূপ, চিন্ময় মুৰতি বিশ্বকৰ্ত্তা
 আনন্দত চিৰ মগ্ন। প্ৰেমৰূপী সুধা
 জগতক শ্ৰেষ্ঠ দান দিলে। সুনীল
 আকাশ, শ্যামলা ধৰণী, চন্দ্ৰৰ কিৰণ,
 সূৰ্য্যতেজ, শ্যাম মেঘকান্তি সকলো বিভুৰ
 প্ৰেম ঘন মূৰ্তি মাথোঁ। সৱাৰো মাজত
 কোমল হৃদয়া ৰমণীৰ ক্ষুদ্ৰ হৃদয়ত
 প্ৰেমৰাশি অগাধ জলধি বাৰিসম
 অসীম অপাৰ। যাওঁ সখি আনন্দে
 বিদায় দিয়া। ৰাজ অজ্ঞা পালি ৰাজ
 কাৰ্য্য সযতনে সাধিম নিশ্চয়।