পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় দৃশ্য

(মথুৰাৰ ওচৰত যমুনাৰ তীৰত ৰথত বহি

কৃষ্ণ বলোৰাম—অক্ৰুৰ ৰথৰ পৰা নামে)

কৃষ্ণ।  সৌৱা দেখা যায় মথুৰা নগৰখন
  কত সৌধ কত হৰ্ম্ম্য কত ৰাজবাট
  দেখা যায় ইয়াৰে পৰাই। কত ৰথ,
  কত গজ, অশ্বাৰোহী, বিপুল জনতা।
  অবিশ্ৰাম আহিছে গৈছে অন্ত নাই;
  যমুনাৰ পাৰে পাৰে অট্টালিকা শাৰী,
  গবাক্ষে গবাক্ষে কত নগৰী সুন্দৰী
  দেখা যায়, ঘাটে ঘাটে জন সমাৰোহ;
  স্নাতকে কৰিছে স্নান, গায়কে গাইছে
  দেৱগীত। চোৱা দাদা কিবা বিতোপন
  সুন্দৰ নগৰখনি কংস ৰাইৰ।
বলৰাম। সুন্দৰ নগৰখনি কানু তাৰ কোনো
  সন্দেহেই নাই।
অক্ৰুৰ। ৰামকৃষ্ণ দুয়ো ভাই ক্ষন্তেক জিৰোৱা
  যমুনাত কৰো মধ্যাহ্নৰ আহ্নিক
  তৰ্পণ আদি।

[ অক্ৰুৰ গৈ পানীত নামি গা ধৰে-পানীত ডুব মাৰি তাৰপৰা উঠি

 কৃষ্ণ বলোৰামক চায়। আকৌ ডুব মাৰে। এই বাৰ উঠি

  আহি ভিজা কাপোৰে দুয়োৰৰ আগত আঠু লয়হি]