পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
[২য় অঙ্ক
কৃষ্ণলীলা

[বাটতে গোপিনীবিলাকে বহি নাম-গাই আছে।]

নাম

প্ৰাণহৰি এ কলৈ যোৱা তিয়াগি আমাক
দেহ মন প্ৰাণ সখা তোমাতে সঁপিলোঁ আমি
  এৰি গৈ নকবা অনাথ
নেজানো ভকতি স্তুতি নেজানো ধৰম কথা
  মুৰুখ প্ৰকৃতি গোপনাৰী
পতি বুলি পুত্ৰবুলি পিতা বুলি একাধাৰে
  তোমাকে ভজিলো দেৱহৰি
মোহন মুৰতি শ্যাম গোপিনী নয়নমনি
  তিলেকো নিজীওঁ তোমা বিনা।
দয়া কৰা দয়াময় নেযাবা নেযাবা এৰি
  আমি নাৰী অতি দীনহীনা।

কৃষ্ণ। [ কিছুমান পৰ আবিষ্ঠ ভাবেৰে ৰৈ থাকি ]
 মৰ্ত্ত্যত অতুল পবিত্ৰ প্ৰেমৰ মুৰ্ত্তি—
 ব্ৰজৰ গোপিনী উঠা উঠা ধূলি এৰি—
 এই প্ৰেম অনন্ত অসীম, ভাগ্যমোৰ
 এনেহেন প্ৰেমৰ সোৱাদ পালোঁ মই
 পৃথিবীতে। গোপী মই অভিন্ন হৃদয়।
 বিভিন্ন দেহাতো এক আত্মা এক প্ৰাণ,
 ভক্ত এৰি দূৰত নেথাকোঁ এক তিল,
 মায়া-মোহ এৰি চকু মুদি চোৱাঁ বাৰু
 প্ৰত্যেক হিয়াতে কিবা দেখা পোৱা সখী।
  (গোপিনীবিলাকে চকু মুদে )